বিধৱা মাকৰ প্ৰাপ্য ধন বিচাৰি যাওঁতে অপদস্ত দলিত বৰ্গৰ এজন কিশোৰ

Share

বৰ্তমান সময়তো বহু লোকৰ চিন্তা চৰ্চাত পৰিবৰ্তন হোৱা দেখা নাযায়। জাত-পাতৰ বিভেদ সমাজৰ পৰা একবিংশ শতিকাতো নোহোৱা হোৱা নাই, যাৰ ফল স্বৰুপে একাংশ লোকে মানৱীয়তাৰ কথা পাহৰি ঘৃণনীয় নিম্ন কাৰ্য হাতত তুলি লয়। কিন্তু এই জাত-পাতৰ ভেদাভেদ কিমান দূৰ গ্ৰহণযোগ্য ! আমি সকলোৱে প্ৰথমে একোজন ভাল মানুহ হিচাপে নিজক গঢ় দিয়া উচিত। 

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত। বিধৱা মাকৰ একমাত্ৰ সন্তান দশম শ্ৰেণীত পঢ়ি থকা কিশোৰজনে মাকৰ কষ্টৰ ধন বিচাৰি গৈছিল আৰু তাতেই উচ্চ বৰ্ণৰ “মই বৰ” ভাৱ থকা কেইজনমান যুৱকে অপদস্ত কৰে। দলিত বৰ্গৰ কিশোৰজনক কাণত ধৰি আঠুকঢ়ায়ে  নহয়, ঠাকুৰ উপাধিৰ যুৱক জনৰ ভৰি চেলেকিবলৈ বাধ্য কৰালে। আৰক্ষী সূত্ৰই জনোৱা মতে ঘটনাটো ১০ এপ্ৰিলৰ। ঘটনাৰ লিখিত অভিযোগ পোৱাৰ পাছত আৰক্ষীয়ে ইতিমধ্যে ৭ জন অভিযুক্তক আটক কৰিছে। 
উচ্চ বৰ্ণৰ হৈও সেমানৱ ৰূপী দানই ৱটোৰ চিন্তাধাৰা আৰু কাৰ্য কিন্তু উচ্চ নহ’ল। বৰ্ণ বা জাতি ধৰ্মৰ উচ্চ বা নিম্ন নাথাকে। মানুহৰ ভাল কাম আৰু বেয়া কামে হে একোজন ব্যক্তিক উচ্চ বা নিম্ন স্তৰত ৰাখে। 

Leave a Reply

Your email address will not be published. Required fields are marked *