ভাৰতত শীঘ্ৰেই অৰ্থনৈতিক বিপদাসংকুল পৰিৱেশৰ সৃষ্টি হ’ব। শ্ৰীলংকাৰ দৰে একেই অৱস্থালৈ গতি কৰিছে ভাৰতবৰ্ষও: ৰাহুল গান্ধী

Share
নিউজ ডেস্ক ,৯ এপ্ৰিল:  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থৈতিক কৰ্ম – সংস্থাপনৰ পৰিস্থিতি এক ভয়ংকৰ স্থানত আছে বুলি মন্তব্য প্ৰকাশ কৰিছে। তেওঁ শ্ৰীলংকাৰ উদাহৰণ দি কয় যে, ” শ্ৰীলংকাৰ দৰে একেই অৱস্থালৈ গতি কৰিছে ভাৰতবৰ্ষও । ৰাহুলৰ মতে, দুই বা তিনি বছৰৰ অন্তত কোনেও ভাৱিব  নোৱাৰা ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব। সৰু- সুৰা বেপাৰ – বাণিজ্য তথা ব্যৱসায়ী, দোকানী আদিয়ে হৈছে আমাৰ অৰ্থনীতিৰ মূল আধাৰ স্বৰূপ,তেনে স্থলত দেশত চাকৰি সৃষ্টিৰ গাঁথনি ধ্বংস কৰা হৈছে। বহুতো যুৱক – যুৱতী কৰ্মহাৰা হৈ পৰিছে।
 তদুপৰি ৰাছিয়া – ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ পিছতে ৰাহুল গান্ধীয়ে চীনা আক্ৰমণৰ বিষয়েও সতৰ্ক কৰি দিয়ে। তেওঁ কয় যে, ৰাছিয়াই ডনেটস্ক  আৰু লুহানস্কক ইউক্ৰেইনৰ অংশ নহয় বুলি কৈছিল। কিন্তু ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে। চীনেও অৰুণাচল আৰু লাডাখ ভাৰতৰ অংশ নহয় বুলি কৈছে। গতিকে এই বিষয়টো আওকান কৰিব নোৱাৰি বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। তদুপৰি ৰাছিয়া – ইউক্ৰেইনৰ দৰে ভয়াবহ পৰিস্থিতিৰ বাবে সতৰ্ক হব’লৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *