জনতাৰ ওপৰত মাধমাৰ! আকৌ এবাৰ মোডী চৰকাৰ 

Share
গুৱাহাটী, ৭ এপ্রিলঃ প্রতিদিনে হোৰাহোৰে বৃদ্ধি পোৱা পেট্র’ল- ডিজেলৰ আকাশলংঘী মূল্যই জুই লগাইছে দেশৰ লগতে ৰাজ্যৰ বজাৰত । সাধাৰণ জনতাক দিশহাৰা কৰি প্রতিদিনে তেল কোম্পানীসমূহে বৃদ্ধি কৰা পেট্র’ল – ডিজেলৰ মূল্যৰ ফলত এতিয়া দেশত একপ্রকাৰ হাহাঁকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে , ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ৰাজ্যৰ প্রতিটো প্রান্তত পেট্র’লৰ দামে শতকৰ ঘৰ অতিক্রম কৰাৰ পাছতে এতিয়া ডিজেলৰ মূল্যয়ো চেঞ্চুৰী কোবাৱলৈ বেছি সময় নাই । আজিৰ দিনটোত পৰিলক্ষিত হৈছে তেল কোম্পানীসমূহে প্রতি লিটাৰত পেট্র’লত ৮৯ পইচা আৰু সমান্তৰালকৈ ডিজেলত বৃদ্ধি পালে ৮৪ পইচাকৈ । ১৬ দিনত ১৪ বাৰকৈ পেট্র’ল – ডিজেলৰ মূল্য বৃদ্ধি কৰিলে তেল কোম্পানীসমূহে ।
উল্লেখযোগ্য কথাটো হ’ল আজিৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক দাম হৈছেগৈ ঢকুৱাখানাত । ঢকুৱাখানাত আজি প্রতিলিটাৰত ১০৮.৯৮ টকাত বিক্রী হৈছে পেট্র’ল ।আনহাতে , গুৱাহাটী ভিন্ন পেট্র’ল পাম্পসমূহতো প্রতিলিটাৰত পেট্র’লৰ মূল্য চুলেগৈ ১০৫.৬৬ টকা , একেদৰে, লখিমপুৰত ১০৮ .১৬ টকা , বিশ্বনাথত ১০৭.৭৫ টকা ,মাজুলীত আজিৰ দিনটোত পেট্র’লৰ মূল্য ১০৮.১৬ টকা ,ধুবুৰীত ১০৭.১৫ টকা আৰু ডিমা হাছাওত ১০৭ .৫৩ টকালৈ বৃদ্ধি পাইছে ।লক্ষণীয় বিষয়টো হ’ল গোৱা , মণিপুৰ,উত্তৰাখণ্ড ,উত্তৰপ্রদেশ আৰু পঞ্জাৱ ক্রমে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে পেট্র’ল – ডিজেলৰ মূল্য দীৰ্ঘদিন ধৰি বৃদ্ধি কৰা নাছিল তেল কোম্পানীসমূহে ।পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সময়ত  মূল্যবৃদ্ধি নকৰাৰ বাবে তেল কোম্পানীসমূহৰ প্রায় ১৯ হাজাৰ কোটি টকা লোকচান হৈছিল ।যাৰ বাবে উক্ত লোকচান পূৰণৰ অৰ্থে নিৰ্বাচনৰ পাছতেই ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে পেট্র’ল – ডিজেলৰ মূ্ল্য। কিন্তু ইমানৰ পাছতো পেট্র’ল – ডিজেলৰ মূল্য হ্রাস কৰাৰ ক্ষেত্রত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।যাৰ ফলত দেশৰ ভিন্ন প্রান্তৰ লগতে অসমৰ দৰে ৰাজ্যখনৰ জনসাধৰণক যথেষ্ট হাৰাশাস্তি কৰাৰ উপৰিও আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতা জুৰুলা হোৱা পৰিলক্ষিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *