আজিৰ দিনটোত ১০৫.৬৬ টকা হলগৈ প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য

Share

নিউজ ডেস্ক ,৬ এপ্ৰিলঃ   আজিৰ দিনটোত বৃদ্ধি  হোৱা দেখিবলৈ পোৱা গৈছে পেট্ৰল-ডিজেলৰ মূল্য। এই মূল্যবৃদ্ধিয়ে যেন এক প্ৰকাৰৰ মাধমাৰ শোধাইছে সৰ্ব্বসাধাৰণ  লোকক। মূল্য বৃদ্ধিৰ ফলত বিমোৰত পৰিছে সাধাৰণ জনতা।বিগত ১৬ দিনত  ১৪ বাৰকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পেট্ৰল- ডিজেলৰ মূল্য।
আজিৰ দিনটোত গুৱাহাটীত বৃদ্ধি পালে পেট্ৰলৰ মূল্য প্ৰতিলিটাৰত ৮৯ পইচাকৈ ,লগতে ডিজেলৰ মূল্য বৃদ্ধি পালে প্ৰতিলিটাৰত ৮৪ পইচা।  বিগত প্ৰায় দুসপ্তাহত  পেট্ৰলৰ দাম ১১.০৯ টকা আৰু ১০.১১ পইচা বৃদ্ধি হল ডিজেলৰ মূল্য। পেট্ৰল -ডিজেলৰ মূল্য বৃদ্ধিয়ে এতিয়া কোঙা কৰিছে জনতাক। গুৱাহাটীত আজিৰ দিনটোত পেট্ৰলৰ দাম প্ৰতিলিটাৰত ১০৫.৬৬ টকা আৰু ডিজেলৰ মূল্য ক্ৰমে ৯১.৩৬। এতিয়া লক্ষ্যনীয় কথাটো হল পেট্ৰল-ডিজেলৰ  মূল্য বৃদ্ধি ৰোধ কৰিব পাৰিবনে চৰকাৰে?নে এনেদৰে দিনক দিনে বৃদ্ধি হব ইন্ধনজাত সামগ্ৰীৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *