বিহুৰ পাছতে বৃদ্ধি হ’ব ফ্লেটৰ মূল্য

Share
খাদ্য সামগ্ৰীৰ সমান্তৰালকৈ নিৰ্মাণ সামগ্ৰীসমূহৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ৰাজ্যৰ ৰিয়েল ইষ্টেট খণ্ডত । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আন সামগ্ৰীৰ লগতে ব্যয়বহুল হৈ পৰিব ফ্লেটসমূহ । ব’হাগ বিহুৰ পাছতে ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকাকৈ । এই কথা ঘোষণা কৰিছে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ এছ’চিয়েচনে (এৰিডা) । গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে, “নিৰ্মাণ সামগ্ৰীসমূহৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে নিৰ্মাণ খণ্ডত প্ৰভাৱ পেলাইছে। নিৰ্মাণ সামগ্ৰীসমূহৰ ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰকল্পসমূহ প্ৰায় স্থবিৰ হৈ পৰিছে” l যাৰ বাবে বিহুৰ পাছত ফ্লেট ক্ৰয় কৰিলে অতিৰিক্ত ভাৱে প্ৰতি বৰ্গ ফুটত আদায় দিব লাগিব ৬০০ টকাকৈ । 

Leave a Reply

Your email address will not be published. Required fields are marked *