ৰাষ্ট্ৰীয় নেতাসকলক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ, ইফালে অৰ্থসংকটত ৰাজ্য 

Share
ডিজিটেল ডেস্ক, ০৫ এপ্ৰিলঃঅতি শীঘ্ৰেই অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী। ইতিমধ্যে এইসকল নেতাৰ আগমনৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। ২৮ এপ্ৰিলত ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত নিৰ্মাণ হোৱা ৭খন কৰ্কট চিকিৎসালয়সমূহৰ শুভ উদ্বোধনৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তদুপৰি সেইদিনা ডিব্ৰুগড়ত এখন জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। আনহাতে দুদিনীয়া ভ্ৰমন কাৰ্য্যসূচীৰে অসমত উপস্থিত হব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
তামুলপুৰত ৩ মে’ত অনুষ্ঠিত হ’ব লগীয়া বড়ো সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি গৰীকী। তদুপৰি ২৩ এপ্ৰিলত বিশেষ ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ। লগতে মে’ ১০ তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী, দক্ষিণ শালমাৰা আৰু তামুলপুৰকে ধৰি অনুষ্ঠিত হবলগীয়া কইবাখনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। 

Leave a Reply

Your email address will not be published. Required fields are marked *