গুৱাহাটী ৫ এপ্ৰিল: ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে । অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। জানিব পৰা মতে নিমাতী ঘাটৰ পৰা কমলাবাৰী অভিমুখী আহি থকা এখন ফেৰীৰ পৰা জঁপিয়ালে যুৱকজনে। RPL ডিগাৰু নামৰ ফেৰীখনেৰে আহি থাকোঁতে প্ৰায় ৯-৩০ মান বজাত জঁপিয়াই যুৱকজনে।
জল পৰিবহন বিভাগৰ তৎপৰতাত সৌভাগ্যক্ৰমে যাত্ৰীজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আত্মহত্যাৰ উদ্দেশ্যেৰে লুইতত জাঁপ দিছিল যুৱকজনে। বৰ্তমান লোকজন প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। জানিব পৰা মতে যুৱকজনৰ ঘৰ মাজুলীৰ গড়মূৰত ।