গুৱাহাটী,৪ এপ্রিলঃ ২০১০ চনতে অভিনয় জগতত খোজ পেলাই ৩০ খনতকৈও অধিক হিন্দী চলচ্চিত্রত অভিনয় কৰি সমাদৰ লাভ কৰা বলিউড জগতৰ এগৰাকী জনপ্রিয় অভিনেতা ।যাৰ অভিনয় আৰু ব্যক্তিত্বৰ জৰিয়তে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে ৰাষ্ট্রীয় চলচ্চিত্র বটাঁকে ধৰি তিনিটা ফিল্মফেয়াৰ বটাঁ লাভ কৰিবলৈ সক্ষম হোৱা সেই জনপ্রিয় অভিনেতাগৰাকী আন কোনো নহয় , সেয়া হৈছে বলিউড জগতৰ এগৰাকী অন্যতম জনপ্রিয় অভিনেতা ৰাজকুমাৰ ৰাও। “ছাদী মে জৰুৰ আনা”, “বেৰিলি কী বৰফী”, “ৰুহী”ৰ পৰা “স্ত্রী”ৰ দৰে জনপ্রিয় ছৱিত মূল নায়ক ৰূপে নিজৰ পাৰদৰ্শিতাৰে হাজাৰ হাজাৰ অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেতাক বহুসময়ত পৰীক্ষামূলক অভিনেতা হিচাপেও স্বীকৃতি প্রদান কৰা হৈছে ।আৰু সেইগৰাকী অভিনেতাৰ সৈতে প্রৱঞ্চনাৰ বলি হোৱা এক আচৰিত ঘটনা পোহৰলৈ আহিছে আৰু সেই বিষয়টোৱে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ৰাজকুমাৰ ৰাওৱে এই সমগ্ৰ বিষয়তো সামাজিক মাধ্যম টুইটাৰৰ জৰিয়তে টুইট প্রকাশ কৰিছে যে —” মোৰ পেন কাৰ্ডৰ অপব্যৱহাৰ কৰা হৈছে আৰু মোৰ নামত ২,৫০০ টকাৰ এটা সৰু ঋণ লোৱা হৈছে ,যাৰ ফলত মোৰ চি বি আই এলৰ নম্বৰ প্রভাৱিত হৈছে আৰু ক্রেডিট ইনফৰ্মেচন ব্যুৰো ইণ্ডিয়া লিমিটেড (চি বি আই এল ) অনুগ্ৰহ কৰি ইয়াক সংশোধন কৰক আৰু ইয়াৰ বিৰুদ্ধে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক ।” আৰু বৰ্তমান সৰ্বত্রে চৰ্চাত থকা ৰাজকুমাৰ ৰাও’ৰ এই টুইটৰ ওপৰত চি বি আই এলৰ দ্বাৰা কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা কৰা হোৱা নাই ।ক্রমান্বয়ে ভাইৰেল হৈ পৰা এই টুইটটোৱে সামাজিক মাধ্যমত অনুৰাগীসকলৰ মনত ভিন্ন প্রতিক্রিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।