আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ চোৰাং কাঠ

Share

 

নিউজডেস্ক, ০১ এপ্ৰিলঃঅসমত চোৰাং কাঠৰ ৰমৰমীয়া বেহা। মণিপুৰ নাগালেণ্ডহৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এক দুষ্ট চক্ৰই চলাই আহিছে কঠৰ অবৈধ ব্যৱসায়। কোনো চালান নথকাকৈ আৰক্ষীৰ থানাৰ সন্মুখেৰে পাৰ হয় এই সমূহ চোৰং কাঠৰ ট্ৰাক।শুক্ৰবাৰে পুৱতি নিশা চিলনীজান বন সংমণ্ডলৰ বিশেষ তালাচীত উদ্ধাৰ হয় বৃহৎ কাঠৰ কুণ্ডা ভৰ্তি তিনিখনকৈ ট্ৰাক। সংৰক্ষন সহকাৰী অনুসৰি গুৱাহাটী অভিমুখি ট্ৰাককেইখনত আছিল ৮৬ কেবি কাঠ। যাৰ বজাৰত মূল্য প্ৰায় ১৩ লাখ টকা। 
কাঠৰ এই বৃহৎ ছিণ্ডিকেটৰ আঁৰত থকা ব্যক্তিজনৰ সম্পৰ্কে এইপৰ্য্যন্ত  কোনো তথ্য  আৰক্ষীয়ে সদৰী কৰা নাই। এই মুহুৰ্তত প্রশ্ন উথাপন হয় যে কোনো চালান অথবা নথি পত্ৰৰ অবিহনে কেনেদৰে পাৰ হয় এই সমূহ চোৰাং কাঠ। পিছে  কিমানদূৰ সফল হ’ব  আৰক্ষীৰ এই  তদন্ত সেয়া হ’ ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *