দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং । হেইংগাং বিধান সভা সমষ্টিৰ পৰা আসন জয় লাভ কৰিছে বীৰেন সিঙে। মণিপুৰৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত আছিল বীৰেন সিঙৰ লগতে বিশ্বজিৎ সিঙৰ নামো । যোৱা দেওবাৰে শেষ সময়ত হাইকামাণ্ডে ভৰষা ৰাখে বীৰেন সিঙৰ ওপৰতে আৰু মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে ইম্ফলত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন আৰু কিৰেন ৰিজিজুৱে ঘোষণা কৰে বীৰেন সিঙৰ নাম। আজি দিনৰ ৩ বজাত মুখ্যমন্ত্ৰী হিচাপে বীৰেন সিঙে শপত গ্ৰহণ কৰিছে ।