শীঘ্রেই মুক্তি লাভ কৰিব দীপিকা,শ্বাহৰুখ অভিনীত ‘পাঠান’

Share
গুৱাহাটী,৩মাৰ্চঃ এক দীঘলীয়া সময়জোৰা অপেক্ষাৰ অন্তত প্রকাশ পালে বলিউড জগতৰ জনপ্রিয় অভিনেতা শ্বাহৰুখ খান ,দিপীকা পাডুকন আৰু জন আব্রাহাম অভিনীত ‘পাঠান’ ছৱিৰ মুক্তিৰ দিন।২০২৩ চনৰ ২৫ জানুৱাৰীত এই ছৱিখনে মুক্তি লাভ কৰিব ।এটা টিজাৰৰ জৰিয়তে শ্বাহৰুখ খানে ছৱিখনৰ মুক্তিৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা সামাজিক মাধ্যমত অনুৰাগীসকলৰ মাজত আৰম্ভ হবলৈ লৈছে ভিন্ন প্রতিক্রিয়া ।
তাৰ পাছতে অভিনেতাগৰাকীয়ে টুইটযোগে মন্তৱ্য কৰে যে ,তেওঁ জানে ইতিমধ্যে বহুত পলম হৈছে ।তাৰিখটো মনত ৰাখি থবলৈও তেওঁ উল্লেখ কৰিছে লগতে ১৫ জানুৱাৰী,২০২৩ ত ছৱিগৃহত লগ হোৱাৰ প্রতিশ্রুতি দিছে অভিনেতাগৰাকীয়ে ।লগতে জনাইছে যে ,ছৱিখনে মুক্তি লাভ কৰিব তিনিটা ভাষাত ,ক্রমে হিন্দী,তেলেগু আৰু তামিল ।
সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছৱি “পাঠান” ,এই হেভী বাজেটৰ ছৱিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে শ্বাহৰুখ খান ,শ্বাহৰুখৰ সৈতে আছে অভিনেত্রী দিপীকা পাডুকন লগতে জন আব্রাহাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *