বিশ্ব স্বাস্থ্য সংস্থাৰ সকিয়নী : ক’ভিড-১৯ প্ৰকাৰটো নিশ্চিতভাৱে অমিক্ৰণতকৈ অধিক সংক্ৰামক হ’ব বুলি

Share

গুৱাহাটী,২৮ জানুৱাৰী :বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে পৰৱৰ্তী প্ৰকাৰ, দীঘলীয়া ক’ভিড, মহামাৰীৰ সমাপ্তি আদিকে ধৰি মঙলবাৰে এক প্ৰশ্ন-উত্তৰ অনুষ্ঠানত বিভিন্ন বিষয়ত মন্তব্য কৰে।স্বাস্থ্য সংস্থাৰ বিষয়া এগৰাকীয়ে কয় যে কৰ’ণাৰ নতুন ভেৰিয়েণ্ট আহিবই আৰু ই অধিক সংক্ৰামক হ’ব কিয়নো ই বৰ্তমানে বিয়পি থকা অমিক্ৰণক অতিক্ৰম কৰিব লাগিব।
আনহাতে ক’ভিড কেতিয়ালৈকে শেষ হোৱাৰ সম্ভাৱনা আছে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত WHOৰ বিষয়াই কয় যে এইটো সম্পূৰ্ণৰূপে আমাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমি কেনে আচৰণ কৰো।‘আপুনি চিৰদিনৰ বাবে মাস্ক পিন্ধিব নালাগে আৰু শাৰীৰিক দূৰত্বও চিৰদিনলৈ বজাই ৰাখিব নালাগে। কিন্তু বৰ্তমান আমি এইটো কৰি থাকিব লাগিব’৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *