নতুন নিষেধাজ্ঞাৰে শীঘ্রে ঘোষণা হ’ব কভিডৰ নতুন এছঅ’পি

Share
গুৱাহাটী,৭জানুৱাৰীঃ দেশৰ লগতে সমগ্ৰ ৰাজ্যতো দ্রুতগতিত বৃদ্ধি পাবলৈ লৈছে কৰ’ণাৰ ভয়াবহ সংক্রমণ । ক্রমাৎ দ্রুতহাৰত বৃদ্ধি পোৱা কোভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পূৰ্ণ সতৰ্ক হৈছে ৰাজ্য চৰকাৰ ।এই সন্দৰ্ভত নতুন এছঅ’পি ঘোষণা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ।আজি বিয়লি ৩ বজাত এক সংবাদমেল আয়োজন কৰিছে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ সৈতে এক বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ।মুখ্যমন্ত্রীগৰাকীয়ে কোৱা অনুসৰি বিহু ৰাইজে ঘৰতে  পাতিব পাৰিব কিন্তু হাট-বজাৰৰ ক্ষেত্রত নিজস্বতা সাবধানতা অৱলম্বন কৰিব লাগিব । সকলো শ্রেণীৰ ৰাইজৰ সুবিধাৰ্থে জাৰি কৰা হ’ব নতুন এছঅ’পি । অসমত লকডাউন নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে ।
 শেহতীয়াকৈ প্রকাশ পোৱা তথ্য অনুসৰি নতুন এছঅ’পিত অন্তৰ্ভূক্ত হ’ব কিছুমান নতুন নিয়ম ।বজাৰ সমাৰত ভিৰ নকৰাৰ ক্ষেত্রত আৰোপ কৰিব বিশেষ নিৰ্দেশনা ,লগতে সলনি হ’ব নৈশ কাৰ্ফিউৰ সময়সীমাও ।৫০ শতাংশ কৰ্মচাৰী সৈতে চলিব কাৰ্য্যালয়সমূহ ।অষ্টম শ্রেণী পৰ্য্যন্ত পাঠদান ব্যৱস্থা বন্ধ হোৱাৰ লগতে নিশা ১০ বজাৰ পৰা সান্ধ্য আইন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা ।পুনৰ বিদ্যালয়সমূহত আৰম্ভ হ’ব অনলাইন পাঠদান ।সা-সৰঞ্জামৰ সৈতে সাজু কৰি তুলিছে পূৰ্বৰ দৰে কভিড হাস্পাতালসমূহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *