নৱবৰ্ষৰ আৰম্ভণিতে স্থানান্তৰিত কৰা হল কেইবাগৰাকী শিক্ষা বিষয়া

Share

গুৱাহাটী ,৬ জানুৱাৰীঃ নতুন বছৰতে নস্থানলৈ স্থানান্তৰিত কৰা হ’ল শিক্ষা  বিষয়াক । ৰাজ্য কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াক বদলি কৰণৰ লগতে পদবী সলনি কৰাৰ নিৰ্দেশ দিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ তথ্য  অনুসৰি বঙাইগাঁৱত আমিৰ হুছেইনক জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পৰা বদলি কৰা হৈছে ৷ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে৷ তদুপৰি , জোৎস্না ৰাণী বৰ্মনক বদলি কৰা হ’ল বঙাইগাঁৱলৈ ৷ প্ৰাথমিক শিক্ষাৰ উপসঞ্চালক পদৰ পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জোৎস্না ৰাণী বৰ্মনে ৷ ইয়াৰোপৰি, শিৱসাগৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্ব থকা শুভলক্ষ্মী  ৰাজকুমাৰী বদলি কৰা হৈছে যোৰহাট জিলালৈ৷ যোৰহাটৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ দায়িত্ব গ্ৰহণ কৰিব শুভলক্ষ্মী ৰাজকুমাৰী ৷

আনহাতে, যোৰহাটৰ বিদ্যালয়ৰ পৰিদৰ্শক হিচাপে দায়িত্বত থকা দেৱজ্যোতি গগৈক বদলি কৰা হৈছে৷ ছেকেণ্ডৰী এডুকেশ্যনৰ উপ সঞ্চালৰ দায়িত্বত থকা জয়ন্ত ঠাকুৰীয়াক বদলি কৰা হ’ল ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে৷ নগাৱঁৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া লাভজা জাৰম বুছাক বদলি কৰা হৈছে বড়ো মাধ্যম আৰু উকা সঞ্চালক হিচাপে৷ দৰঙ জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাসক বদলি কৰিলে  শোণিতপুৰ জিলা প্ৰাথমিক বিষয়া হিচাপে , আৰু দৰঙ জিলাৰ বিদ্যালয় পৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ছেকেণ্ডৰী এডুকেশ্যনৰ উপ সঞ্চালক মাধৱ চন্দ্ৰ ডেকাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *