কাজিৰঙালৈ অহা পৰ্যটকৰ দেহত কৰণা

Share
কাজিৰঙা, ২৭ ডিচেম্বৰঃ কাজিৰঙালৈ অহা পৰ্যটকৰ দেহত কৰণা পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ সময়ে পুনৰ এবাৰ সমগ্ৰ বিশ্বৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে নতুন ভেৰিয়েণ্ট অ’মিক্ৰণ। আমেৰিকা, ব্ৰিটেইনত এতিয়া ক্ৰামান্বৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অ’মিক্ৰণে। ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ’মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি।
এনে সময়তে কাজিৰঙালৈ অহা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ দেহত কৰণাৰ অৱস্থিতি ধৰা পৰাত চিন্তিত হৈ পৰিছে সকলো। আমেৰিকাৰ পৰা কাজিৰঙালৈ অহা বিদেশী পৰ্যটকজনৰ নাম KRISHNAVENI DAHAGUM। বয়স ৫০ বছৰ।
গুৱাহাটীৰ ৰেডিচন ব্লুুত থকা অৱস্থাতেই লোকজনৰ দেহত ধৰা পৰিছিল ক’ভিড ।
 আমেৰিকাৰ পৰ্যটকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া তত্‍পৰ হৈ পৰিছে স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে পৰ্যটকজনক গোলাঘাটলৈ প্ৰেৰণ কৰিছে । কৰণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া তত্‍পৰ হৈ পৰিছে স্বাস্থ্য বিভাগ । 

Leave a Reply

Your email address will not be published. Required fields are marked *