অসমীয়া গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৯ সংখ্যক মৃত্যু বাৰ্ষিকী

Share

 

            গুৱাহাটী ২৭ ডিচেম্বৰ :প্ৰখ্যাত লোক সংগীত শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৯ সংখ্যক মৃত্যু বাৰ্ষিকী। অসমীয়া গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰৰ দিনটোতে স্বৰ্গগামী হৈছিল। তেওঁৰ মৃত্যু দিৱস উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 
১৯৩৫ চনৰ ৩ অক্টোবৰত কলকতাত জন্মগ্ৰহণ কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেয়ে। তেওঁ আছিল ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়াৰী। পিতৃৰ নাম আছিল প্ৰকৃতিশ বৰুৱা।  কলিকতাৰ গোখলে মেম’ৰিয়েল স্কুলত আধা শিক্ষা সামৰি  পিছলৈ তেওঁ গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰে। বিদ্যালয়ত ৰবীন্দ্ৰ সঙ্গীতৰ শিক্ষা লাভৰ বাহিৰে প্ৰতিমা বৰুৱা পাণ্ডেয়ে  আন কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *