বাছ-ট্ৰেইনৰ ভয়ংকৰ সংঘৰ্ষ, ৪ জনৰ ঠাইতে মৃত্যু, কেইবাজনো আহত

Share
গুৱাহাটী, ২৭ ডিচেম্বৰঃ বাংলাদেশৰ নাৰায়নগঞ্জত প্ৰায় ১০- ১৫গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ তীব্ৰ যানযটৰ বাবে ৰে’ল আলিত আৱদ্ধ হৈ পৰে। যাৰ পৰিণতিত এটা ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি হয়।
ৰাজপথত চলি থকা বাছ খন ৰে’ল আলিত ৰখাই থব লগা হয়। তেনে সময়তে দুৰ্ভাগ্যজনক ভাৱে ৰে’ল খন আহি পায় আৰু প্ৰচণ্ড জোৰে খুন্দা মাৰে ৰখাই থোৱা যাত্ৰীবাহী বাছ খনত। যাৰ ফলত দুৰ্ঘটনাৰ ঠাইতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে। আনহাতে গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক। মৃতকসকলৰ ভিতৰত বৰ্তমানেও দুজন মৃতকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। আহত সকলক উদ্ধাৰ কৰি ততালিকে ওচৰৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰায় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *