দিল্লীত পুনৰ বায়ু প্ৰদূষণৰ ভয়াবহ ৰূপ

Share

নতুন দিল্লী, ২৪ ডিচেম্বৰঃ ভাৰতত বিধ্বংসী পৰিস্থিতিৰ মাজতে ৰাজধানী দিল্লীত  কৰোনা ভাইৰাছ আৰু  অ’মিক্ৰন ভেৰিয়েণ্টৰ মাজতে  এক  বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সকলোবোৰৰ মাজত শুক্ৰবাৰে দিল্লী আৰু ইয়াৰ চাৰিওফালৰ এলেকাবোৰত প্ৰদূষণৰ স্তৰ  বৃদ্ধি পাইছে। দিল্লীৰ কাষৰীয়া ঠাই নয়ডাৰ বায়ু গুনমান সূচক ৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে। নয়ডাত পিএম ১০ স্তৰ ৫৭০ ত উপনীত হৈছে, যি অতি গুৰুতৰ শ্ৰেণীত আছে।

দিল্লীত পিএম ২.৫ স্তৰ আজি ৰাতিপুৱা ৪২৫ হৈছে।আনহাতে গুৰুগ্ৰামৰ বায়ুৰ গুনমান সূচক হৈছে ৩৭৫।চৰকাৰী সংস্হাসমূহৰ মতে, শূন্যৰ পৰা ৫০ৰ ভিতৰত বায়ুৰ গুনমান সূচক ভাল, ৫১ ৰ পৰা ১০০ ভিতৰত সন্তোষজনক, ১০১ ৰ পৰা ২০০ৰ ভিতৰত মধ্যমিয়া, ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত দৰিদ্ৰ, ৩০১ ৰ পৰা ৪০০ ৰ ভিতৰত অতি দৰিদ্ৰ আৰু ৪০১ৰ  পৰা ৫০০ ৰ ভিতৰত গৰুতৰ বুলি গন্য কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *