তেলেংগানাত মধ্যাহ্ন ভোজনৰ পিছতেই বেমাৰত পৰিল ৩২ জন শিক্ষার্থী

Share
৮ নৱেম্বৰ :
তেলেংগানাত এখন চৰকাৰী বিদ্যালয়ত শুকুৰবাৰে মধ্যাহ্ন ভোজনৰ পিছত ৩২ জন ছাত্র বেমাৰত পৰে। জিলা শিক্ষা অধিকাৰী বিষয়া ড° এ ৰবীন্দ্ৰ ৰেদ্দীয়ে কৈছে যে “নিৰ্মল জিলাৰ অন্তৰ্গত দিম্মাদুৰ্থী গাঁৱত মণ্ডল পৰিষদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ এখন স্কুলত মুঠ ১১৪ জন শিক্ষার্থীয়ে মধ্যাহ্ন ভোজন খাইছিল আৰু তেওঁলোকৰ ৩২জন শিক্ষার্থী বেমাৰত পৰাৰ বাবে তেওঁলোকক শীঘ্ৰে প্ৰাথমিক চিকিৎসা কেন্দ্রত ভৰ্তি কৰোৱা হৈছিল।” লগতে তেওঁ কয় যে “তেওঁলোকৰ ১২জন ছাত্র নিৰীক্ষণত আছে আৰু বিপদৰ বাহিৰত আছে।
ইতিমধ্যে জিলা উপায়ুক্ত মুছাৰফ ফাৰুকীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক নিলম্বন কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *