কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত কৰা অবৈধ নিৰ্মাণকাৰ্যক উচ্ছেদ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়্যালয়ৰ

Share

বন্দনা হাজৰিকা, ২২অক্টোবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘এনিমেল কৰিড’ৰ’ত অবৈধভাৱে কৰা নিৰ্মাণকাৰ্যক লৈ সৰৱ হৈছে উচ্চতম ন্যায়্যালয়ে গঠন কৰি দিয়া ‘চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি’ চমুকৈ (চি ই চি)।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯টা এনিমেল কৰিডৰত উচ্চতম ন্যায়্যালয়ৰ নিৰ্দেশ অমান্য কৰি অবৈধভাৱে নিৰ্মান কৰা সকলো নিৰ্মানকাৰ্যক উচ্ছেদ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাক চি ই চি য়ে নিৰ্দেশ প্ৰদান কৰিছে।উল্লেখযোগ্য যে ২০০৯ চনৰ ১২ এপ্ৰিলত উচ্চতম ন্যায়্যালয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯টা এনিমেল কৰিড’ৰ এলেকাত সকলোধৰনৰ নিৰ্মানকাৰ্যক বাধা আৰোপ কৰিছিল।কিন্তু উচ্চতম ন্যায়্যালয়ৰ এই নিৰ্দেশ অগ্ৰাহ্য কৰি এনিমেল কৰিডৰত অবৈধভাৱে গঢ়ি উঠিছে মন্দিৰ,ধাবা,হোটেল আদি। সেয়েহে চি ই চিৰ সদস্য সচিব অমৰনাথ চেত্ৰীয়ে এই সৰ্ন্দভত ৪ সপ্তাহৰ ভিতৰত ‘একচন টেকেন ৰিৰ্পট’ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *