ৰাজীৱ কলিতা,৮ অক্টোবৰ,২০২১ঃ ভাৰতীয় বায়ু সেনা হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ বায়ু সেনা। আজি ৮৯ সংখ্যক বায়ুসেনা দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰতীয় বায়ু সেনাৰ ৮৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত সাহসী ‘বায়ু যোদ্ধাসকল’ক শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় বায়ু সেনা ইয়াৰ সাহস আৰু বৃত্তিৰ বাবে জনাজাত। বায়ু সেনাই সদায় দেশৰ সংকট আৰু প্ৰত্যাহ্বানৰ সময়ত গুৰত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও বায়ু সেনাৰ সাহসী যোদ্ধাসকলক অভিনন্দন জনাই।
প্ৰতি বছৰে ৮ অক্টোবৰত বায়ু সেনা দিৱস পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো, উত্তৰ প্ৰদেশৰ হিন্দন বিমানবন্দৰত ৮৯ সংখ্যক বায়ু সেনা দিৱস উদযাপন কৰা হব। অনুষ্ঠানত উপস্থিত থাকিব স্থল, বায়ু, জল সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়া,কৰ্মচাৰীসকলে।