অসম চৰকাৰৰ যোৱাকালিৰ কেবিনেট বৈঠকৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত সমুহ

Share

ছাদ্দাম হুছেইন, ৭ অক্টোৱৰঃ যোৱাকালি ৰাজ্যচৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত লয় তাৰেভিতৰত……..

(ক)ষ্টাম্প শুল্ক ৰেহাই

পি এম এছ ভি এ নিধিৰ হিতাধিকাৰী সকলক অনুমোদিত ঋণৰ সন্দৰ্ভত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ ক্ষেত্ৰত অনুমোদন জনায়।এই প্ৰক্ৰিয়াই পথ ব্যৱসায়ী সকলক অতিৰিক্ত বিত্তীয় বোজা অবিহনে ১০,০০০ টকাৰ ঋণ লাভত সহায় কৰিব।

(খ) মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা

গ্ৰাম্য উন্নয়ন ত্বৰাম্বিত কৰাৰ বাবে চাৰি শ কোটি টকা বাজেট সাপেক্ষে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বিভিন্ন আঁচনিত অনুমোদন জনায় যেনে- গ্ৰামাঞ্চলত শস্য গুদাম স্থাপন, শুষ্ক ইউনিট স্থাপন, ২৬৭১ গৰাকী হিতাধিকাৰীলৈ ক্ষুদ্ৰ ধান মিল, ১২৬ গৰাকী হিতাধিকাৰীলৈ যৌথ ধান কটা যন্ত্ৰ, একহাজাৰ খন মিনিট্ৰাক বিতৰণ আদি কৰি বহুতো সিদ্ধান্ত লয়।

(গ) মহাকাশ এপ্লিকেচন কেন্দ্ৰ

বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনত এক স্বয়ত্বশাসিত পঞ্জীয়নকৃত ছ’চাইটী হিচাপে স্থাপন কৰিব অসম ৰাজ্যিক মহাকাশ এপ্লিকেচন কেন্দ্ৰ ASSAC

(ঘ)মাজুলী দলং

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুৰোধৰ প্ৰতি লক্ষ্য কৰি মাজুলীত দলং নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰি তোলাৰ বাবে ‘মাজুলী দলং প্ৰকল্প ২০২১’ৰ বাবে এছ জি এছ টি পৰিশোধ আঁচনিত অনুমোদন জনায়।

(ঙ) চৰকাৰী বন্ধ

২০২২ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনায়। সকলো চৰকাৰী কাৰ্যক্ৰমণিকাত প্ৰচলিত গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ লগতে অসমীয়া কেলেণ্ডাৰ(বৰাক উপত্যকাত বেংগলী আৰু বিটিএডি এলেকাত বড়ো কেলেণ্ডাৰ) ব্যৱহাৰ কৰিব।

(চ) বন বিভাগ

বৰাক উপত্যকাত এটা বন্যপ্ৰাণী সংমণ্ডল গঠনত অনুমোদন। এই সংমণ্ডলটোৱে তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *