তেজপ্ৰতাপ যাদৱে RJD ত্যাগ কৰি, খুলিলে নিজা দল

Share

ছাদ্দাম হুছেইন,৭ অক্টোৱৰঃ লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ তেজপ্ৰতাপ যাদৱ আৰু তেজস্বী যাদৱৰ মাজত সংঘাতৰ ফলতে RJD ত্যাগ কৰিলে তেজপ্ৰতাপ যাদৱে। বিহাৰৰ ৰাজনৈতিক মহলত তেজপ্ৰতাপ যাদৱক পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা বুলিও চৰ্চিত হৈছে। কিন্তু RJDৰ জ্যেষ্ঠ নেতা শিৱানন্দ তিৱাৰীৰ মতে ‘ তেওঁ দলত্যাগ কৰি অন্য এটা দল গঠণ কৰাৰ পিছত বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে। বৰঞ্চ তেওঁ নিজে এমাহ পূৰ্বেই RJD ত্যাগ কৰি গৈছে’।

তিৱাৰীৰ এই মন্তব্যৰ পিছতে বিহাৰৰ ৰাজনীতি গৰম হৈ উঠিছে। বিহাৰৰ ৰাজনীতিত এটা কথা স্পষ্ট হৈছে যে লালু প্ৰসাদ যাদৱৰ বৰপুত্ৰ এতিয়া পিতৃৰ দলত নাই। লালু প্ৰসাদ যাদৱৰ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ খবৰো যে সঁচা সেয়াও তিৱাৰীৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে। অনাগত দিনত বিহাৰত যে বঙহৰ যুঁজ চলিব সেই কথাও বিহাৰৰ ৰাইজে ভালদৰে বুজি পাইছে।

RJD ত্যাগ কৰা তেজপ্ৰতাপ যাদৱে বিহাৰত ‘ ছাত্ৰ জনশক্তি পৰিষদ’ নামৰ এটা নতুন দল খুলিছে। ইতিমধ্যে তেওঁ নতুন ৰাজনৈতিক দলৰ বাবে প্ৰতীক চিহ্নও নিৰ্বাচন কৰিছে। অতি শীঘ্ৰে তেওঁৰ সংগঠনটোৱে বিহাৰৰ যুৱ-প্ৰজন্মক লগত লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে চেষ্টা চলাব বুলিও জানিব পৰা গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *