অৱশেষত IDOL কেলেংকাৰীত অভিযুক্ত ড° কন্দৰ্প দাসক অপসাৰণ

Share
ছাদ্দাম হুছেইন, ৬ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।  IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ড° কন্দৰ্প দাসক অপসাৰণ কৰে। কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ তদানীন্তন সঞ্চালক কন্দৰ্প দাসে বিগত সময়চোৱাত অনুমোদন নোহোৱাকৈ ২১ টা বিষয়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাইছিল।
UGC ৰ অন্তৰ্ভুক্ত নোহোৱাকৈ কন্দৰ্প দাসে মুঠ ২১ টা বিষয়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাইছিল। কেগ’ ৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ অহাৰ পিছত ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ‘প্ৰতাপজ্যোতি সন্দিকৈয়ে এক তদন্তকাৰী সমিতি গঠন কৰি দিছিল। এই সমিতিয়ে কন্দৰ্প দাসক দোষী বুলি চিনাক্ত কৰে। অৱশেষত যোৱাকালি অৰ্থাৎ মংগল বাৰে বিশ্ববিদ্যালয় উপাচাৰ্য্য প্ৰতাপজ্যোতি সন্দিকৈয়ে সংবাদমেল যোগে কন্দৰ্প দাসক অপসৰণ কৰাৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *