ভেকচিন নল’লে বন্ধ হ’ব ব্যৱসায়িক প্ৰতিষ্ঠান: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত 

Share
৬ অক্টোবৰ: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কভিড ভেকচিন ল’বলৈ অনিচ্ছুক লোকসকলৰ বাবে কিছু কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰিছে।
দোকান – ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে দুপালি প্ৰতিষেধক গ্ৰহণ কৰা নাই তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে কয়। আৰু এতিয়াও এপালি ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে গাঁৱে গৈ প্ৰতিষেধক প্ৰদান সম্পৰ্কত সমীক্ষা চলোৱাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে সেই বিষয়ে তথ্য সংগ্ৰহ কৰিব দিয়ে। আৰু কিমান কেইখন জিলাৰ পৰা আন জিলা বা ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে, সেই বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *