ক্ৰিছ গেইলে চলিত IPL ৰ বাকী কেইখন খেল নেখেলে

Share
তৃষ্ণা দাস, ১ অক্টোবৰ: পাঞ্জাব কিংছৰ সমৰ্থকৰ বাবে এক বেয়া খবৰ। চলি আছে IPL ৰ দ্বিতীয় অংশ।  IPL ৰ বাকী কেইখন খেলত দেখা নাযাব কেৰিবিয়ান বেটছমেন ক্ৰিছ গেইলক । IPL ৰ  বাকী কেইখনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে খেলুৱৈ গৰাকীয়ে।
 কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গেইলে । নিজৰ দল ৱেষ্ট ইণ্ডিজৰ উপৰিও কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলিছে খেলুৱৈ গৰাকীয়ে তাৰ পিছত IPL ত অংশগ্ৰহণ কৰিছিল খেলুৱৈ গৰাকীয়ে।
ইউএইত (UAE) অনুষ্ঠিত হবলগীয়া টি -২০ বিশ্ব কাপত ঘৰুৱা ৱেষ্ট ইণ্ডিজ দলক প্ৰতিনিধিত্ব কৰিব গেইলে। তাৰ বাবে তেওঁ বিশ্বকাপৰ পূৰ্বে ডুবাইত থাকি নিজকে মানসিক ভাৱে প্ৰস্তুত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *