১১ লাখ মাইক্ৰ’ ফাইনেঞ্চৰ হিতাধীকাৰীলৈ ১৮০০ কোটিঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Share
 তৃষ্ণা দাস , ১ অক্টোবৰ: নিৰ্বাচনৰ সময়ত চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ঘূৰাই দিয়াৰ যি প্ৰতিশ্ৰুতি এতিয়া ৰূপায়নৰ দিশত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱা ১১ লাখ মহিলাৰ বিপৰীতে ১৮০০ কোটি টকাৰ প্ৰস্তাৱ অনুমোদন জনায়।
 মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠকৰ শেষত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে যে ৰাজ্যৰ ১১ লাখ মহিলা যি সকলে মাইক্ৰ ‘ ফাইনেঞ্চ ঋণ  লৈ সময় মতে কিস্তি পৰিশোধ কৰি আহিছে তেওঁলোকক ২৫ হাজাৰ টকালৈকে চৰকাৰে আদায় দিয়াৰ যি সিন্ধান্ত লৈছিল সেই সিন্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ১৮০০ কোটি টকা আবন্টন কৰে। ১ ডিচেম্বৰৰ পৰা চৰকাৰে এই ধন চেকযোগে প্ৰদান কৰিব।  মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱা আনসকল যিয়ে কিস্তিৰ ধন পৰিশোধ কৰিব পৰা নাই তেওঁলোকৰ বাবে চৰকাৰে প’টেল এটা খুলি দিব আৰু তাত তেওঁলোকে আবেদন কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *