গুৱাহাটী গড়চুকত জব্দ ১৫ কোটি মূল্যৰ জিলেটিন

Share
ডিম্পুমণি হীৰা
১অক্টোবৰ,গুৱাহাটীঃ  ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা গুৱাহাটীবাসী।  দুৰ্গা পূজাৰ প্ৰাক্‌ ক্ষণত গুৱাহাটী গড়চুকত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ।জিলেটিনখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা। মেঘালয়ৰ পৰা এখন  বলেৰ’ পিক আপ ভানত অনা হৈছিল বিস্ফোৰকখিনি। ISBT ত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বিস্ফোৰকখিনি। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা  সৰবৰাহকাৰী  দুজনৰ নাম ৰহিম বাদশ্বাহ, আইনুল আলি। জিলেটিনখিনি সৰবৰাহৰ লগত কাদেম আলী নামৰ এজন লোক জড়িত থকা বুলি সন্দেহ আৰক্ষীৰ। উগ্ৰপন্থী সংগঠনেৰে  লোকজন জড়িত নেকি সেই সন্দৰ্ভত তদন্ত কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *