বন্দনা হাজৰিকা, ছেপ্তেম্বৰ ৩০ঃ মোডী চৰকাৰে দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰচলিত থকা ৰাষ্ট্ৰীয় মধ্যাহ্ণ ভোজন যোজনাৰ নাম সলনি কৰি ‘পি এম পোষণ ‘ যোজনা নামেৰে নতুনকৈ নামাকৰণ কৰিছে । এতিয়াৰে পৰা দেশৰ চৰকাৰী বিদ্যালয়সমূহত ‘পি এম পোষণ ‘ যোজনাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক খাদ্য যোগান ধৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হোৱা চিচিইএ ৰ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে ১৯৯৫ চনত এই মধ্যাহ্ন ভোজন যোজনা আৰম্ভ হৈছিল ।