কংগ্ৰেছত যোগদান কৰিলে দেশৰ দুই যুৱনেতাঃ কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানী

Share

ছাদ্দাম হুছেইন, ২৯ ছেপ্তেম্বৰঃ বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছত  যোগদান কৰিলে দেশৰ দুই যুৱ ৰাজনীতিবিদ কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানী।

ৰাহুল গান্ধীৰ উপস্থিতিত দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলটোত যোগদান কৰে দুয়োজন যুৱ নেতাই।

কানহাইয়া কুমাৰে চি.পি.আই. দলৰ পৰা যোৱা ২০১৯ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ বিগুচৰাই নামে সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। ইয়াৰ পুৰ্বেও তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি আছিল।

আনহাতে জিগনেশ মেৱানী হৈছে দলিত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ উপৰিও তেও গুজৰাটৰ এগৰাকী  নিৰ্দলীয় বিধায়ক আছিল। গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিক এগৰাকী নিৰ্দলীয় বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল মেৱানীয়ে। ইয়াৰোপৰি তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ আহ্বায়ক।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱামতে নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক গুজৰাট কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *