২ অক্টোবৰত কামৰূপ মেট্ৰত পুনৰ আৰম্ভ হ’ব কভিড টীকাকৰণ অভিযান

Share

বন্দনা হাজৰিকা, চেপ্তেম্বৰ ২৮ঃ গান্ধীজয়ন্তীৰ দিনা কামৰূপ মহানগৰ জিলা প্ৰশাসনে আৰম্ভ কৰিব কভিড টীকাকৰন অভিযান।এই অভিযানত ৪২ হাজাৰ লোকক টীকাকৰন দিয়াৰ পৰিকল্পনা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এই অভিযান সফল কৰি তুলিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন বৈঠক অনুষ্ঠিত কৰে।আৰু মহানগৰীৰ বস্তি অঞ্চলসমূহৰ লগতে সোণাপুৰৰ অঞ্চলসমূহত টীকাকৰণ কেন্দৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।তেওঁ টীকাকৰণ অভিযান সৰ্ম্পকত ৰাইজক সজাগ কৰিবলৈ আশাকৰ্মী, অংগণবাড়ী কৰ্মীৰ লগতে গাওঁবুঢ়া আৰু লাটমণ্ডল লগতে আনসকলকো নিৰ্দেশ দিয়ে।এই বৈঠকত অতিৰিক্ত উপায়ুক্ত গুণজিৎ চৌধুৰীৰ লগতে যুটীয়া স্বাস্থ্য় সঞ্চালক ডাঃগণেশ শইকীয়া আৰু স্বাস্থ্য় বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *