শিক্ষা বিভাগৰ সকলো খালী পদ পূৰণ হ’ব: শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু

Share
তৃষ্ণা দাস, ২৮ ছেপ্টেম্বৰ: মহাবিদ্যালয় সমূহত শীঘ্ৰে পূৰ্ণ কৰা হ’ব খালী হৈ থকা পদ। ১০০০ শিক্ষক পদ পূৰণৰ বাবে আৰম্ভ কৰা হৈছে প্ৰক্ৰিয়া -ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে কলেজ শিক্ষকৰ খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে তৎপৰতা আৰম্ভ কৰিছে। ১০ দিনৰ ভিতৰত ১৫০ গৰাকী কলেজ শিক্ষকক নিযুক্তি দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ খালী শিক্ষকৰ পদ পূৰণৰ বাবেও প্ৰকাশ কৰা হৈছে বিজ্ঞাপন।
এবছৰৰ ভিতৰত সকলো খালী পদ পূৰণ কৰা হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে প্ৰাৰম্ভিক প্ৰস্তুতি।
শিক্ষামন্ত্ৰী গৰাকীক ১৮ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। স্মাৰক পত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন স্তৰৰ বিশ্ববিদ্যালয় সমূহ উপাচাৰ্য্যক লৈ এখন শৈক্ষিক চিন্তা কোষ গঠনৰ আহ্বান জনায়। বিজ্ঞান শিক্ষাৰ প্ৰসাৰতাৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে প্ৰতি পাঁচ কিলোমিটাৰ ব্যৱধানত একোখনকৈ বিজ্ঞান শিক্ষা থকা মহাবিদ্যালয় স্থাপন, প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি একোজন শিক্ষক থকাৰ ব্যৱস্থা, চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় দশম শ্ৰেণীলৈ অসমীয়া বিষয়টো বাধ্যতামূলক, শিক্ষকসকলক নিৰ্বাচন সম্পৰ্কীয়, লোকপিয়ল, এন আৰ চিৰ কাম আদিত নিয়োজিত কৰাৰ পৰা বিৰত ৰখা আদিকে কেইবাটাও দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *