৩ অক্টোৱৰত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু গুৱাহাটীলৈ আহিব

Share

গুৱাহাটী,২১ ছেপ্টেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত স্থাপিত হোৱা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুনকৈ বিশ্বমানৰ পেট এম আৰ আই উয়িং মেচিন ব্লক স্থাপন কৰে । এই উদ্দেশ্যে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু অহা ৩ অক্টোৱৰত উদ্বোধন কৰিবলৈ গুৱাহাটীলৈ আহিব ।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা ছচিয়েল মিডিয়াযোগে জানিব দিয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে সন্ধিয়া প্ৰতিষ্ঠানটোৰ সকলো দিশ পৰিচালনা কৰি উদ্বোধন কৰিবলগীয়া ব্লকটি পৰিদৰ্শন কৰি পেট এম আৰ আই মেচিনৰ পৰিচালনা ব্যবস্থা কৰি সকলো দিশৰ বুজ লয়। উক্ত পৰিদৰ্শনকালত স্বাস্থমন্ত্ৰীগৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল ,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাস চন্দ্ৰ গোস্বামী উপস্থিত থাকে।

সুপ্ৰিয়া তৰফদাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *