২০০০ টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰা এগৰাকী মহিলা, বৰ্তমান বাৰ্ষিক আয় ১.৫ কোটি টকা

Share

গুৱাহাটী, 20 ছেপ্টেম্বৰঃ এগৰাকী ব্যক্তিয়ে সদায় এটা ভাল চাকৰিৰ আশাত কঠোৰ পৰিশ্ৰম কৰে, যাতে তেওঁলোকৰ জীৱনটো আৰামেৰে কটাব পাৰে। কিন্তু এইখন দেশৰে এগৰাকী মহিলা, যিয়ে কোনো চাকৰিৰ আশাত বহি নাথাকি স্ব-নিৰ্ভৰশীল হৈ কৃষি কাৰ্য আৰম্ভ কৰিলে আৰু বৰ্তমান তেওঁৰ বাৰ্ষিক আয় ১.৫ কোটি টকা। 

এই বিশেষ মহিলাগৰাকী হ’ল উত্তৰাখণ্ডৰ হীৰেশা বাৰ্মা। হীৰেশা ডেৰাডুনৰ বাসিন্দা আৰু দিল্লীৰ পৰা আই টি বিষয়ত অধ্যয়ন কৰি আছিল। ইপিনে, যেতিয়া ২০১৩ চনত, কেদাৰনাথৰ ডাৱৰ বিস্ফোৰণত বহুটো লোক আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া হীৰেশাই টিভিত দৃশ্যবোৰ দেখি পীড়িত লোকসকলক সহায় কৰাৰ সিদ্ধান্ত লয় আৰু দিল্লী এৰি উত্তৰাখণ্ডত উপস্থিত হয়।

হীৰেশাই মানুহক সহায় কৰাৰ লগতে সকাহ দিবলৈ এটা বেচৰকাৰী সংগঠনৰ সৈতে কাম কৰা আৰম্ভ কৰিছিল। হীৰেশাই পৰৱৰ্তী সময়ত বহু চিন্তা-চৰ্চা কৰাৰ পিছত, কাঠফুলা খেতিত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছিল। লগতে তেওঁ ভাবিছিল যে উত্তৰাখণ্ডৰ বতৰ ইয়াৰ বাবে উপযুক্ত লগতে এই ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা পীড়িত মহিলাসকলৰ সমস্যা সমূহ আঁতৰ কৰিব। হিমাচল প্ৰদেশৰ কাঠফুলা গৱেষণা সঞ্চালকালয়ত প্ৰশিক্ষণ লৈছিল, যাৰ পিছত তেওঁ একে বছৰতে ১.৫ একৰ ভূমিত কাঠফুলা খেতি কৰিবলৈ হেনঝেন ইণ্টাৰনেচনেল নামাৰে এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। হীৰেছাই উল্লেখ কৰা মতে তেওঁৰ হাতত মাত্ৰ ২০০০ টকা আছিল আৰু তেনেকৈয়ে হীৰেশাই কাঠফুলা খেতি আৰম্ভ কৰিছিল।

২০১৩ চনত, হীৰেশাই চাকৰি এৰি কাঠফুলাৰ খেতি আৰম্ভ কৰা হীৰেশাই সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল আৰু তেওঁৰ সফলতাৰ বাবে ২০১৫ চনত উত্তৰাখণ্ড ৰাজ্যিক বঁটা প্ৰদান কৰা হৈছিল। হীৰেশাই কাঠফুলা খেতি কৰা আৰু কৃষকসকলক সহায় কৰাৰ উপৰিও;  আচাৰ, নাগেট, চুপ, প্ৰ’টিন পাউডাৰ, চাহ, কফি আৰু চছ আদি বিভিন্ন সামগ্রী তৈয়াৰ কৰি পঞ্জাৱ, হাৰিয়ানা, দিল্লী, পাউৰী, ঘৰৱাল আদি অঞ্চলত বিক্ৰী কৰি বছৰি মুঠ ১.৫ কোটি টকা আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *