ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা।কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বঁটাসমূহ।মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ ৰাজ্য চৰকাৰৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে।ইয়াৰোপৰিও বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱালৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হয়।বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ এইবছৰৰ অসম সৌৰভ বঁটা আৰু ভাৰতীয় মহিলা দলৰ ক্ৰিকেট উমা ছেত্ৰীলৈ এইবাৰৰ অসম সৌৰভ বঁটা আগবঢ়োৱা হয়।TCS চেয়াৰমেন ডঃএছ ৰামাডুৰাইলৈও সৌৰভ বঁটা লগতে চোৰণ এহেম ৰেস্তোঁৰালৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয়।বাৰেকুৰি ইক’ ডেভলপমেণ্ট ছ’চাইটিলৈ অসম গৌৰৱ বঁটা।নগাঁৱৰ ‘হাতী বন্ধু’লৈ অসম গৌৰৱ বঁটা।ডেভিড প্ৰতিম গগৈলৈ অসম গৌৰৱ বঁটা।‘ৱূলাহ টী’ৰ উপমন্যু বৰকাকতিলৈ অসম গৌৰৱ বঁটা। বৰলাংফা নাৰ্জাৰী আৰু ৰাম চাচনীলৈ অসম গৌৰৱ বঁটা।বজালীৰ ভাৰত কলিতালৈ অসম গৌৰৱ বঁটা।যোৰহাটৰ বিশ্বজিৎ বৰালৈও অসম গৌৰৱ বঁটা।শ্ৰীভূমিৰ নজৰুল হকলৈ অসম গৌৰৱ বঁটা।বিনন তেৰণলৈ অসম গৌৰৱ বঁটা।কাঁহ শিল্পী হৰিদাস দাসলৈ অসম গৌৰৱ বঁটা।ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈলৈ অসম গৌৰৱ বঁটা।ড০ বাপ্পী পাল আৰু পূৰবী শইকীয়ালৈ অসম গৌৰৱ বঁটা।ঢকুৱাখনাৰ ফুলেশ্বৰী দত্তলৈ এইবছৰৰ অসম গৌৰৱ বঁটা।বাইকাৰ্ছ মিনাক্ষী দাসকো প্ৰদান কৰা হ’ব অসম গৌৰৱ বঁটা।৩০মাৰ্চত ৰাজ্যপালৰ দ্বাৰা প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা।অসম গৌৰৱ বঁটাত থাকিব নগদ ৩ লাখ টকা লগতে অসম সৌৰভ বঁটাত থাকিব নগদ ৪ লাখ টকা আৰু অসম বৈভৱ বঁটাত থাকিব নগদ ৫ লাখ টকা।