অজন্তা নেওগে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট

Share

মাজত মাথো কেইটামান ক্ষণ বাকী। তাৰ পাছতেই সদনৰ মজিয়াত আজি ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধিন চৰকাৰৰ এইখন হ’ব শেষৰখন পূৰ্ণাংগ সাধাৰণ বাজেট। ২০২৬ বৰ্ষৰ এপ্ৰিল মে মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। গতিকে বিত্তমন্ত্ৰী হিচাপে আগন্তুক বৰ্ষত অন্তৱৰ্তীকালীন বাজেটহে উত্থাপন কৰিব পাৰিব অজন্তা নেওগে। দিনৰ ১১:৩০ বজাত দাখিল কৰা হ’ব বাজেটখন। যাক লৈ ৰাজ্যবাসীৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ দৃষ্টি নিবদ্ধ আছে বাজেটখনত।
বাজেট দাখিলৰ প্ৰাক ক্ষণত বিশ্লেষকসকলে এই বাজেটখন নিৰ্বাচনমুখী বাজেট হ’ব বুলি ধাৰণা কৰিছে। আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২০২৫-২৬ বৰ্ষৰ বাজেটখনত নিৰ্বাচন সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা থাকিব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা অনুসৰি এই বাজেটখনত দুখীয়া, মধ্যবিত্ত শ্ৰেণীক লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ আচনি অন্তৰ্ভূক্ত কৰা হৈছে। এই বাজেচখনত মহিলা সবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ আচনি ঘোষণাৰ ইংগিত দিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *