মুখ্যমন্ত্ৰীৰ ঘোষণা হ’ল ব্যৰ্থ

Share

থলুৱাক বঞ্চনাৰে নিযুক্তিৰ নামত এইমছ গুৱাহাটীত সংঘটিত হয় এক বৃহৎ কেলেংকাৰী।এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালকৰ পৃষ্ঠপোষকতাতে ব্যক্তিগত খণ্ডৰ বাহিৰাগত দুই নিয়োগ প্ৰতিষ্ঠানে অনাশৈক্ষিক কৰ্মচাৰী নিয়োগৰ নামত চলাই আহে ছিণ্ডিকেটৰাজ।বিশেষভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ নামত এই ছিণ্ডিকেট চক্ৰটোৱে লিপ্ত হয় দুৰ্নীতিত।এইমচ গুৱাহাটী উদ্বোধনীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে সৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ৭৫ শতাংশ থলুৱাক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব।মুখ্যমন্ত্ৰীৰ এনে ঘোষণাত স্থানীয় যুৱক-যুৱতীসকলে এইমছত চাকৰি পোৱাৰ আশা বুকুত বান্ধি থৈছিল।কিন্ত উদ্বোধনীৰ এবছৰৰ ভিতৰতে জোলোঙাৰ মেকুৰী ওলাই পৰে।ছিকিউৰিটি গাৰ্ড,হাউচ কিপিং,ক্লীনাৰ আদি পদত নিয়োগ কৰা হয় ভালেমান বহিঃৰাজ্যৰ  যুৱক-যুৱতীক।যি সকল ছিকিউৰিটি গাৰ্ড,হাউচ কিপিং,ক্লীনাৰ আদি পদত নিযুক্তি লাভ কৰিছে তেওঁলাকে ছিণ্ডিকেট ছক্ৰটোক উপঢৌকন দিবলগীয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।ছিকিউৰিটি গাৰ্ড মাল্টি টাস্কিং ষ্টাফ,হাউচ কিপিং আদি পদৰ বাবে অসমীয়া যুৱক-যুৱতীসকলে প্ৰায় ডেৰ-দুই লাখ টকা পৰ্যন্ত উপঢৌকন দিবলগীয়া হৈছে বুলিও সংগঠনটোৱে অভিযোগ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *