আজি ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস

Share

সুৰক্ষিতভাৱে কাম কৰাৰ প্ৰতি সজাগতা আৰু প্ৰতিশ্ৰুতি সৃষ্টি কৰাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ৪ মাৰ্চত ভাৰতত ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস পালন কৰা হয়।ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে পৰিৱেশ,কৰ্মস্থানৰ সুৰক্ষা,যান-বাহন সুৰক্ষা আৰু মানৱ স্বাস্থ্য সুৰক্ষাৰ বিষয়সহ সকলো সুৰক্ষা নিয়মাৱলীৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাৰ বাবে এই দিৱসটোৰ সুচনা কৰিছিল।এই দিৱসটোৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণ আৰু কৰ্মচাৰীসকলক সমগ্ৰ বছৰ ধৰি সুৰক্ষিতভাৱে কাম কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিবলৈ উৎসাহিত কৰা।১৯৬৬ চনৰ ৪ মাৰ্চত প্ৰতিষ্ঠা হোৱাৰে পৰা ভাৰতত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰিবৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস পালন কৰি আহিছে।অনুষ্ঠানটোৰ গঠন হোৱাৰ এটা দশকৰ পিছতেই এনএছচিয়ে এই দিৱস আৰম্ভ কৰে।এনএছচিৰ মূল লক্ষ্য হ’ল কৰ্মক্ষেত্ৰত স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰচাৰ কৰা,দুৰ্ঘটনা প্ৰতিহত কৰা আৰু সুৰক্ষিত আৰু স্বাস্থ্যকৰ কামৰ পৰিৱেশ স্থাপন কৰা।ৰাষ্ট্ৰীয় সুৰক্ষা দিৱসে কৰ্মস্থানবোৰ সুৰক্ষিত আৰু স্বাস্থ্যকৰ কৰাৰ ক্ষেত্ৰত নিয়োগকৰ্তা,কৰ্মচাৰী আৰু চৰকাৰে পালন কৰা ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদানৰ সুযোগ প্ৰদান কৰে।ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস বহুকেইটা কাৰণত যথেষ্ট গুৰুত্বপূৰ্ণ।ই উদ্যোগ,কৰ্মস্থান,ঘৰ আৰু ৰাজহুৱা স্থানকে ধৰি প্ৰায় বিভিন্ন খণ্ডত সুৰক্ষাৰ বিষয়ে  বৃদ্ধি কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।ৰাষ্ট্ৰীয় সুৰক্ষা দিৱসত জনসাধাৰণক সুৰক্ষা প্ৰক্ৰিয়া অনুসৰণ কৰিবৰ বাবে তেওঁলোকৰ জীৱনৰ সকলো দিশতে সুৰক্ষিত আচৰণ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।প্ৰতিবছৰে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিসদে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস আৰু সপ্তাহৰ বাবে এটা বিষয়বস্তু বাচনি কৰে।এইবাৰৰ বিষয়বস্তু হৈছে ইএছজি উৎকৰ্ষতাৰ বাবে সুৰক্ষাৰ নেতৃত্বৰ ওপৰত গুৰত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *