এডভান্টেজ আছামৰ ২.০ৰ বাবে সাজু অসম চৰকাৰ

Share

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত এডভান্টেজ আছাম ২.০ৰ বাবে সম্পূৰ্ণ সাজু অসম চৰকাৰ।অসমত বিনিয়োগৰ সম্ভাৱনা বিশ্ব-বাণিজ্যিক প্ৰেক্ষাপটত তুলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এডভান্টেজ আছাম ২.০।এই বিনিয়োগ সন্মিলনখনত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লগতে বহু দেশী-বিদেশী বিনিয়োগকাৰীসকল।আহিব বিশিষ্ট উদ্যাগপতি সজ্জন জিন্দাল,সাবিত্ৰী জিন্দাল।উপস্থিত থাকিব ৰিলায়েঞ্চ কোম্পানীৰ অধ্যক্ষ মুকেশ আম্বানী আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি।লগতে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ।ইয়াৰ লগতে দেশৰ কেইবাগৰাকী মন্ত্ৰীও উপস্থিত থাকিব এই বিনিয়োগ সন্মিলনখনত।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-মঙলবাৰে পুৱা ১০ বজাত এডভান্টেজ আছাম ২.০ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।উদ্বোধনী অনুষ্ঠানত ২২০০ লোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ বাবে বিশেষ পত্ৰৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *