আজি অসমত আহিব মোহন ভাগৱত

Share

মোহন ভাগৱতে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত উপস্থিত হ’ব। ২১ ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অসমত উপস্থিত থাকিব মোহন ভাগৱত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষক সংগঠনটোৰ কাৰ্য বিস্তাৰ আৰু কাৰ্য দৃঢ়কৰণ শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয়সমূহক কেনেদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱকসকলৰ লগত তেওঁ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয় সমূহ যেনে- সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য,পৰ্যাৱৰণ,স্বদেশী সামগ্ৰী ব্যৱহাৰ,কুটুম্ব প্ৰবোদন আদি বিষয় সমূহ স্বয়ং সেৱক সকলৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব পাৰে তাৰ ওপৰতো তেওঁ বক্তব্য প্ৰদান কৰাৰ লগতে গুৱাহাটীৰ মহানগৰ সংঘৰ দুটা শাখাত উপস্থিত হৈ দুয়োতা শাখা টোলীৰ বৈঠকতো তেওঁ উপস্থিত থাকিব।ইয়াৰ লগতে ২২ ফেব্ৰুৱাৰীত আবেলি আই আই টি.গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ এখন বৈঠকতো তেওঁ অংশগ্ৰহণ কৰিব। ২৩ ফেব্ৰুৱাৰীত পুৱা সাউকুছিস্থ ছাইথ পইন্ট হাইস্কুল চৌহদত মোহন ভাগৱতে এক বৌদ্ধিক কাৰ্যক্ৰমত উপস্থিত থাকি গুৱাহাটীৰ মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱকসকলৰ ওচৰত বৌদ্ধিক প্ৰদান কৰিব।ইয়াৰ লগতে তেওঁ সৰসংঘচালকগৰাকীয়ে এই ভ্ৰমণসূচীত সংঘৰ প্ৰচাৰৰ লগতে আন কেইবাখনো বৈঠকত তেওঁ অংশ ল’ব।ইয়াৰউপৰিও তেওঁ বহুকেইটা বৈঠকত উপস্থিত থাকিব। ইয়াৰ লগতে ২৬ ফেব্ৰুৱাৰীত তেওঁ অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব বুলি সদৰী কৰে কিশোৰ শিৱমে।

Leave a Reply

Your email address will not be published. Required fields are marked *