ৰাজ্যত ব্যপক হাৰত বৃদ্ধি পাইছে ধৰ্মান্তকৰণ

Share

বিগত সময়ছোৱাত ৰাজ্যত দ্ৰুতগতিত চলিছে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া। উজনিৰ পৰা নামনিলৈকে দৰিদ্ৰজনক টকাৰ প্ৰলোভন, প্ৰাৰ্থনাৰে ৰোগ নিৰাময় ইত্যদি বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ চেষ্টা চলাই আহিছে মিছনেৰীসকলে।শিৱসাগৰ মৰাণৰ পৰা পলাশবাৰী ছয়গাওঁলৈকে ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া অব্যহত আছে। আৰ্থিকভাৱে পিছপৰা জনগোষ্ঠীৰ লোকসকলক টাৰ্গেট মিছনেৰীৰ। ১৯০১ চনত খ্ৰীষ্টান শূণ্য আছিল উত্তৰ পূৱৰ কেইবাখনো ৰাজ্য। কিন্ত বৰ্তমান বহুকেইখন ৰাজ্যত এতিয়া ৮০ শতাংশই খ্ৰীষ্টান অধ্যুষিত অঞ্চললৈ ৰূপান্তৰিত হৈছে। উল্লেখযোগ্য যে সত্ৰীয়া সংস্কৃতিৰ হৃদপিণ্ড মাজুলীতো এটাৰ পিছত আন এটা গীৰ্জা গঢ়ি উঠিছে।এই পৰিবৰ্তনে তীব্ৰ গতীত চলাই নিছে ধৰ্মান্তকৰণ।দৰিদ্ৰ পৰিয়ালক টকাৰ প্ৰলোভনেৰে প্ৰলোভিত কৰি ধৰ্মান্তকৰণ কৰা পৰিলক্ষিত হৈছে

শেহতীয়াকৈ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো সমগ্ৰ বিষয়ত প্ৰতিক্ৰিয়া আগবঢ়াই মত পোষন কৰে -“স্ব ইচ্ছাৰে ধৰ্ম সলনি কৰিলে কবলগীয়া একো নাই কিন্ত ৰোগ ভাল কৰিম বুলি ধৰ্মান্তৰিত কৰাটো ভাল নহয়। “সমান্তৰালভাৱে নিৰ্দিষ্ট জনগোষ্ঠীৰ ৰাইজে বিষয়টো বিচাৰ বিবেচনা কৰি চৰকাৰৰ হস্তক্ষেপ বিচাৰিলে চৰকাৰে চিন্তা চৰ্চা কৰিম বুলিও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।ধৰ্মান্তকৰণৰ প্ৰসংগত কেইবাটাও দল সংগঠনে ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিছে গণ আন্দোলন।প্ৰাৰ্থনাৰে ৰোগ নিৰাময়,বেজ বেজালিৰে ধৰ্মান্তকৰণ অব্যাহত থকা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।

Leave a Reply

Your email address will not be published. Required fields are marked *