এফালে মূল্যবৃদ্ধিৰ জুই আনফালে নিজৰ দৰমহা বৃদ্ধিৰ যো-জা প্ৰতিনিধিৰ।শীঘ্ৰে বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ দৰমহা।প্ৰাক্তন বিধায়কে পাব সমপৰিমানৰ পেন্সন কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি পাঁচ বছৰৰ মূৰে মূৰে দৰমহা সমিতি অবিহনে বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ দৰমহা।প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰন ৰাইজক জুৰুলা কৰাৰ লগতেই আৰ্থিক সমস্যাই ভাৰাক্ৰান্ত কৰি তোলাৰ সময়ত নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰহে দা-দৰমহা বৃদ্ধিৰ সু-নিশ্চিত হৈ পৰিল। আনহাতে যোৱা ৭ ডিচেম্বৰত অৱসৰপ্ৰাপ্ত অতিৰিক্ত মূখ্য সচিব হিমাংশুশেখৰ দাসৰ নেতৃত্বাধীন চাৰিজনীয়া দৰমহা কমিটিয়ে বিধানসভাৰ উপাধ্যক্ষ ডা : নোমল মমিনৰ হাতত আনুষ্ঠানিকভাৱে দাখিল কৰা প্ৰতিবেদনৰ আভাস পোৱা যায়।কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে যোৱা ২০১৮ চনত সমগ্ৰ দেশৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অসম বিধানসভা তথা ৰাজ্যচৰকাৰে মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিব পাৰিব।আনহাতে উল্লেখ্য যে যোৱা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত হিতেন্দ্ৰনাথ গোস্বামী অসম বিধানসভাৰ অধ্যক্ষ হৈ থাকোতে অন্তিমবাৰলৈ মন্ত্ৰী-বিধায়কসকলৰ দা-দৰমহা বৃদ্ধি হৈছিল।২০১৮ চনৰ প্ৰথম এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫০ শতাংশ পৰ্যন্ত মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি কৰিছিল। আনহাতে এইবাৰ দৰমহা কমিটীখনে মাত্ৰ ৩০ শতাংশ বৃদ্ধিৰ বাবেহে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে এই দৰমহা কমিটীখনে বিধানসভা অধ্যক্ষ, উপাধ্যক্ষ, মূখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী,বিৰোধী দলপতি,বিধায়ক,প্ৰাক্তন বিধায়কে ধৰি সকলোৰে দা-দৰমহা বৃদ্ধি হ’ব নালাগে বুলিও উল্লেখ কৰিছে।