নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংক

Share

১২ডিচেম্বৰ বৃহস্পতিবাৰে নিশা মহানগৰ আৰক্ষীলৈ ই-মেইলৰ যোগে প্ৰেৰণ কৰা হয় এক বিস্ফোৰক তথ্য় ।গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ প্ৰায় ৮টা স্থানত বোমা থকাৰ তথ্য় প্ৰকাশ কৰা আছিল ই-মেইলটোত।আষ্টাফিৰুল্লাহ৭৮৬@email.fans.comৰ পৰা প্ৰেৰণ কৰা হৈছিল মেইলটো।এই খবৰ পাই মহানগৰ আৰক্ষীয়ে তত্পৰতা দেখুৱাই আৰু নিশাই তন্ন -তন্নকৈ তালাচী অভিযান আৰম্ভ কৰে।ই-মেলত উল্লেখ কৰা স্থান কেইটাৰ উপাচাৰ্যৰ কাৰ্যালয়,হোষ্টেল,খেলপথাৰ ইত্যাদি স্থানসমূহত তালাচী চলায়।স্নিফাৰ ড’গ লৈ কৰে চলাইছিল তালাচী অভিযান।কিন্তু সম্পূৰ্ণ তালাচীৰ পিছতো আৰক্ষীয়ে বোমাৰ কোনো অৱস্থিতি নাপালে।যিহেতু হোষ্টেলতো বোমা থকা বুলি তথ্য প্ৰকাশ পাইছিল সেয়েহে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ইয়াৰ লগতে GUৰ পৰীক্ষাসমূহ চলি আছিল তেনেক্ষেত্ৰত শংকাত পৰীক্ষা দিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে। ৰাতিপুৱা ৯ বজাৰ পৰা ৩বজালৈ পৰীক্ষা আছিল সেয়েহে এই পৰীক্ষাৰ সময়ছোৱাত তালাচী অভিযান স্থগিত ৰখা হৈছে ।গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই বোমাতংকৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে  বিশ্ববিদ্যালয়ৰ প্ৰায় ৮টা স্থানত বোমা স্থাপন  কৰা খবৰটো পাইছে যদিও ইয়াৰ সত্যা-সত্যতাটো নিৰূপন কৰা হোৱা নাই।মেইলত দিয়া স্থান কেইটা ঐতিহাসিক স্থান ।যিহেতু বিশ্ববিদ্যালয়ত পৰীক্ষাসমূহ চলি আছে তেনে ক্ষেত্ৰত ই এক পৰিকল্পিত হ’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সন্ত্ৰাস সৃষ্টিৰ বাবে ই এক ভাবুকি হ’ব পাৰে বুলি উপাচাৰ্যগৰাকীয়ে মত পোষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *