ফলাফল ঘোষণা অসম লোকসেৱা আয়োগৰ

Share

যোৱা ৫ ডিচেম্বৰত অসম লোক সেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। কলিয়াবৰৰ সুযোগ্য সন্তান তথা বৰ্তমান গুৱাহাটীৰ পাঞ্জাবাৰী নিৱাসী, এন আই টি শিলচৰৰ প্ৰাক্তন ছাত্ৰ চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰৰ সৈতে উজলিল শীৰ্ষস্থানত।চলিত বৰ্ষৰ মাৰ্চ মাহত অনুস্থিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল ৬৭,২৫১ গৰাকী পৰীক্ষাৰ্থী। নৱেম্বৰৰ ১৩ ৰ পৰা ২৯ তাৰিখলৈ অনুস্থিত হয় সাক্ষাৎকাৰ। ৮ মাহৰ ভিতৰতে তিনিটা পৰ্যায়ৰ এই পৰীক্ষাৰ আটাইকেইটা প্ৰক্ৰিয়া সম্পন্ন কৰি অভিলেখ সৃষ্টি কৰাৰ লগতে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে অসম লোক সেৱা আয়োগে।এইবাৰ বিভিন্ন পদত মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়।ইয়াৰে এ ছি এছ পদত মুঠ ৪৫ গৰাকী, এ পি এছ ত ৩৫ জন, অসম একাউন্টছ চাৰ্ভিছৰ ১০৭ জন, পৰিদৰ্শন অডিটৰ ১১ জন, কৰ অধীক্ষকৰ এজন, আবকাৰী অধীক্ষকৰ এজন, অসম বিত্ত সেৱাৰ ১৩ জন, খণ্ড উন্নয়ন বিষয়াৰ ৬ জন, সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়কৰ চাৰিজন, সহকাৰী নিয়োগ বিষয়াৰ এজন তথা উপ পঞ্জীয়কৰ তিনিজন বিষয়া আছে। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে এইবাৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।এ ছি এছ পদৰ শীৰ্ষ দহটা স্থানৰ ৭ টা স্থান আৰু এ পি এছ পদৰ ৪ টা স্থা্নেই মহিলাই অধিকাৰ কৰি সমাজলৈ প্ৰেৰণ কৰিছে এক ইতিবাচক বাৰ্তা। এ পি এছ ত শীৰ্ষস্থান আজুৰিলে পাৰ্থ প্ৰতীম শৰ্মাই।একেদৰেই অসম বিত্ত সেৱাত পাৰ্থ প্ৰতীম বৰাই দখল কৰিলে প্ৰথম স্থান।বহুতৰ মুখত হাহি বিৰিঙিওৱা এই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত পৰীক্ষা পদ্ধতি সম্পুৰ্ণ নিকা আছিল বুলি আশ্বস্ত হৈছে অভিভাৱক তথা পৰীক্ষাৰ্থী সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *