ব্ৰাজিলত জি ২০ সন্মিলন

Share

নাইজেৰিয়াৰ পিছত এইবাৰ ১৯ তম জি ২০ ত অংশগ্ৰহণৰ লক্ষ্যেৰে ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅ ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত হোৱাৰ লগে লগেই সংস্কৃত মন্ত্ৰধ্বনিৰে মোদীক উষ্ম আদৰণি জনাই ব্ৰাজিলবাসীয়ে। দুদিনীয়া এই সন্মিলনত মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও মিলিত হব। ব্ৰাজিলৰ পিছতেই দ্বিতীয় কেৰিকম-ভাৰত সন্মিলনত অংশগ্ৰহণৰ বাবে মোদীয়ে উৰা মাৰিব দক্ষিণ আমেৰিকাস্হিত গায়েনাৰ জৰ্জ টাউনলৈ। উল্লেখযোগ্য যে, ১৯৬৮ চনত ইন্দিৰা গান্ধীৰ পিছত গায়েনা ভ্ৰমণ কৰা দ্বিতীয় ভাৰতীয় প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে মোদী। ২০২৩ চনত প্ৰৱাসী ভাৰতীয় সন্মান খিতাপ পোৱা গায়েনাৰ ৰাষ্ট্ৰপতি ইৰফান আলীয়ে মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক উন্নত কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *