কাইলৈ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

Share

কাইলৈ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ২৮৮ টা বিধানসভা সমষ্টিত ৪,১৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফ’মৰ্ছ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে যে ইয়াৰে ১,১৯৯ গৰাকী প্ৰাৰ্থীয়ে দাগী বুলি সদৰী কৰিছে প্ৰতিবেদনখনে । তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দলৰ ৪৫ শতাংশ আৰু ৰাজ্যিক দলৰ ৬০ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন ফৌজদাৰী গোচৰ চলি আছে । এইক্ষেত্ৰত বিজেপিৰ ৬৮ শতাংশ প্ৰাৰ্থী বিভিন্ন অপৰাধত জড়িত হৈ থকাটো প্ৰতিবেদনত উল্লেখ কৰা হৈছে । উদ্ধৱ থাকৰে ফৈদৰ শিৱসেনাৰ ৬৬ শতাংশ , কংগ্ৰেছৰ ৫৯ শতাংশ , সিন্দে ফৈদৰ ৫২ শতাংশ , এন.চি.পিৰ ৫৪ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন ফৌজদাৰী গোচৰ চলি আছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *