মেঘালয়ৰ নংপোত শোকাৱহ পথ দুৰ্ঘটনা

Share

এক মৰ্মান্তিক পথ দুৰ্ঘটনা।মেঘালয়ৰ নংপোত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত মৃত্যুক সাবটি ল’লে মৰাণৰ এক প্ৰেমিক যুগলে।জানিব পৰা মতে গুৱাহাটীৰ পৰা মটৰচাইকেল ভাৰাত লৈ শ্বিলঙলৈ ফুৰিবলৈ গৈছিল মৰাণ টেঙাদলঙৰ নীলো९পল দুৱৰী আৰু জ্যোতিপুৰৰ গাৰ্গী চুতীয়া।কিন্তু গৈ থকা অৱস্থাত দেওবাৰে বিয়লি মেঘালয়ৰ নংপোত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুক আকোঁৱালি লয় এই প্ৰেমিক যুগলে।দুয়োখন ঘৰতে এতিয়া শোকাবহ পৰিবেশ।উল্লেখ্য যে মৰাণ জ্যোতিপুৰৰ নিবাসী গাৰ্গী চুতীয়া ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বি ফাৰ্মৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল। মৰাণৰ টেঙাদলঙৰ নিবাসী নীলোৎপল দুৱৰীৰ সৈতে গাৰ্গীৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। আনকি দুয়োটা পৰিয়ালে তেওঁলোকৰ এই প্ৰেমক স্বীকৃতিও দিছিল।দুয়োৰে বিবাহৰ মাজত আছিল মাথোঁ কেইটামান মাহ।কিন্তু নিয়তিৰ আগত হাৰ মানি দুয়োৱে একেলগে মৃত্যুক সাৱটিলে। সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত মেঘালয়ৰ নংপোৰ চিভিল হাস্পতালৰ পৰা  মৃতদেহকেইটা গুৱাহাটীলৈ অনা হ’ল।এই খবৰ বিয়পি পৰাৰ পাছতে ৰাজ্যত পৰিছে গভীৰ শোকৰ ছাঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *