বিতৰ্কৰ অন্ত পৰা নাই অসম সাহিত্য সভাৰ

Share

বিগত সময়ছোৱাত সুদীৰ্ঘ দিন ধৰি অসমৰ প্ৰেক্ষাপটত লক্ষ্য কৰিলে স্পষ্ট হৈ পৰে অসম সাহিত্য সভাৰ মজিয়াত চলি থকা তুমুল বিতৰ্ক । ইতিমধ্যে জাতীয় অনুষ্ঠানটিৰ এই কৰ্ম কাণ্ডত ক্ষুদ্ধ হৈ সাহিত্য সভাৰ পৰা পদত্যাগ ড০ দয়ানন্দ পাঠকৰ । এই গুৰু আসনত বহিবৰ বাবে সভাপতিৰ দৌৰত থকা গিৰীশ সন্দিকৈৰ মন্ত্ৰণাতেই অসম সাহিত্য সভাৰ সংবিধানপৰ্যন্ত সংশোধন কৰি লোৱা হৈছে । যাৰ বাবে এইবাৰ সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কেৱল সভাপতিৰ পদৰ দাবীদাৰ সকলে মনোনয়নপত্ৰ দাখিল কৰিব নালাগে । কেৱল এইখিনিতে সীমাবদ্ধ নহয় , অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা আভিধানিক তথা বিশিষ্ট-সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ লগতে জয়ন্ত মাধৱ বৰা ,ড০ জগদীশ পাটগিৰীৰ দৰে ব্যক্তিক সভাপতিৰ পেনেলৰ পৰাই নাম কাটি অযোগ্য ব্যক্তিক অগ্ৰাধিকাৰ দি অসাহিত্যিক ডাক্তৰ গিৰীশ সন্দিকৈক সভাপতিৰ আসনত অধিষ্ঠিত কৰিবৰ বাবে চলোৱা কুটিল ৰাজনীতিক লৈ আজি উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে থিয় হোৱা প্ৰাৰ্থীসকল যোৰহাটস্থিত অসম সাহিত্য সভাৰ তালিকাৰ পৰা যোৰহাটৰে নহয় , সমগ্ৰ ৰাজ্যৰে এগৰাকী পৰিচিত বিশিষ্ঠ সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ দৰে ব্যক্তিৰ নাম কিয় আঁতৰাই পেলোৱা হল । তাক লৈ তুমুল বাক-বিতণ্ডা হয় । ইয়াৰোপৰি সাহিত্য সভাৰ সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত কয়- এতিয়া যিখন সভাপতিৰ তালিকাক লৈ চৰ্চা চলি আছে , সেইখন চুড়ান্ত তালিকা নহয় । অতি সোনকালে সভাপতি পদৰ চুড়ান্ত তালিকা ৰাজহুৱা কৰিম । 

Leave a Reply

Your email address will not be published. Required fields are marked *