৩ৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত পালন কৰা হ’ব “ভাষা গৌৰৱ সপ্তাহ”

Share

নৱেম্বৰ মাহৰ ৩ তাৰিখৰ পৰা ৯ তাৰিখলৈ সপ্তহযোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব “ভাষা গৌৰৱ সপ্তাহ”।সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা। ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিল। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ বাবে লগতে অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰা হব বুলি অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে-“যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । এই ঐতিহাসিক স্বীকৃতিক উদযাপন অৰ্থে অসমে ৩ৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিব । এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব । এই কাৰ্যসূচীত আপোনাসৱৰ আন্তৰিক সহযোগিতা আমাৰ একান্তই কাম্য । ৰাজ্যখনৰ সাংস্ক-তিক আৰু ভাষাৰ ঐতিহ্যৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *