সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব!

Share

কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি। ইতিমধ্যে সাহিত্য সভাৰ ভিতৰ চ’ৰাত চলিচে নিৰ্বাচনী ব্যস্ততা। অসম সাহিত্য সভাৰ সম্মানীয় সভাপতি পদৰ বাবে মন মেলিছে কেইবাগৰাকী জনপ্ৰিয় সাহিত্যিকে। একেদৰে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদটোৰ বাবেও আশাবাদী বহু কেইজন ব্যক্তিৰ। উল্লেখযোগ্য যে , নবেম্বৰ মাহৰ ভিতৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ বিষয়ববীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । সভাপতি পদ নিৰ্বাচনৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ’ব । সভাপতিৰ প্ৰাৰ্থী পেনেল প্ৰস্তত কৰিবলৈ গঠত কমিটীত থাকিব বৰ্তমানৰ সভাপতি, প্ৰধান সম্পাদক , উপসভাপতি, প্ৰাক্তন সভাপতি, এগৰাকী সাহিত্যচাৰ্য আৰু এগৰাকী মহীয়ান সদস্য । বৰ্তমান সভাপতি পদৰ বাবে চৰ্চাত আছে জগদীশ পাটগিৰিৰ নাম। তেওঁ উপৰি এই পদৰ বাবে চৰ্চাত থকা আনকেইগৰাকী হ’ল- জয়ন্ত মাধৱ বৰা, বসন্ত গোস্বামী, হিতেশ ডেকা, ড০ মালিনী গোস্বামী। প্ৰধান সম্পাদক পদৰ বাবে দৌৰত আছে  দেৱজিত বৰা, ড০ সঞ্জীৱ কুমাৰ শৰ্মা আৰু অজিত কুমাৰ শৰ্মা। অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে কেইবাজনো প্ৰাৰ্থীৰ নাম উত্থাপিত হৈছে। তাৰ ভিতৰত ধীৰেণ শৰ্মা, পদুম ৰাজখোৱা, যাদৱ শৰ্মা, ড০ ৰামচন্দ্ৰ ডেকা, ড০ অনিল শইকীয়া, নৰহৰি চুতীয়া আৰু অজয় সিং উল্লেখযোগ্য। ২৭ অক্টোবৰত অসম সাহিত্য সভাৰ নিৰ্বাচনী কমিটীৰ বৈঠক হ’ব এই বৈঠকতো সাহিত্য সভাৰ নিৰ্বাচনৰ দিন-বাৰ ঠিক কৰিব সভাৰ নিৰ্বাচনী সমিটীৰ বিষয়াসকলে। সাহিত্য সভাৰ এই নিৰ্বাচনত ভোটদান কৰিব ৮৪৯ খন শাখা আৰু জিলা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *